Class 10 বৰগীত Lesson 1

Class: X বৰগীত 


১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া:
(ক) "....... নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।"
-কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?
উত্তৰ: কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অনুৰোধ কৰিছে।
(খ) 'সনক সনন্দ যোগী যাহাকু ধিয়ায়।'
-সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে?
উত্তৰ: সনক, সনন্দ আদি যোগীসকলে হৰিক ধ্যান কৰে বুলি কৈছে।
(গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে? 
উত্তৰ: কবিয়ে সাংসাৰিক মায়া-মোহ, বিষয়-বাসনাত আতুৰ হোৱা বুলি কৈছে।
(ঘ) বৰগীতটি কোনে ৰচনা কৰা?
উত্তৰ: বৰগীতটি মাধৱদেৱে ৰচনা কৰা।
(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে?
উত্তৰ: বৰগীতটি বাগ বসন্ত ৰাগত বন্ধা আছে।
(চ) কবিয়ে 'বান্ধৱ' বুলি কাক সম্বোধন কৰিছে?
উত্তৰ: কবিয়ে 'বান্ধৱ' বুলি হৰিক সম্বোধন কৰিছে।
ছ) 'মোহ-পাশ' মানে কি?
উত্তৰ: 'মোহ-পাশ' মানে হৈছে আসক্তিৰ বাঁধনী বা মায়াজাল।
২। বৰগীতটিৰ মূলভাৱ লিখা।
উত্তৰ: এই বৰগীতখনত কবিয়ে কয়— "হে হৰি! মই তোমাৰ শৰণ লৈছোঁ, মোক জীৱনত বা মৃত্যুত কেতিয়াও ত্যাগ নকৰিবা।" তেওঁ কয় যে সংসাৰৰ ভোগ-বিলাসত পৰি তেওঁ অসহায় হৈ পৰিছে। সেইবাবে ঈশ্বৰৰ কৃপা বিচাৰি তেওঁৰ চৰণত আত্মসমৰ্পণ কৰিছে। যি ঈশ্বৰক যোগীসকলে ধ্যান কৰে আৰু যাৰ গুণ বৰ্ণনা কৰাটোও কঠিন, সেই ঈশ্বৰৰ মহিমা তেনে সাধাৰণ লোকে বুজিব নোৱাৰে। কবিয়ে কয়— ঈশ্বৰৰ চৰণ দুটা তেওঁৰ বাবে অতি ডাঙৰ ধন, সেই চৰণতেই তেওঁ মুক্তি আশা কৰে। তেওঁ কলে যে ঈশ্বৰে যেন মোহ আৰু পাপৰ পৰা তেঁওক মুক্ত কৰে। এই গীতখনত ভক্তিৰ গভীৰ অনুভৱ, ঈশ্বৰৰ ওপৰত বিশ্বাস আৰু মোহৰ পৰা পৰিত্রাণ পাবলৈ একান্ত প্ৰাৰ্থনা প্ৰকাশ পাইছে।

Comments

Popular posts from this blog